এপ্ৰিলত চন্দ্ৰযান-2 প্ৰেৰণ কৰাৰ পৰিকল্পনা ইছৰ’ৰ

এপ্ৰিলত চন্দ্ৰযান-2 প্ৰেৰণ কৰাৰ পৰিকল্পনা ইছৰ’ৰ

সকলো ঠিকে-ঠাকে থাকিলে অহা মাহত চন্দ্ৰৰ বুকুলৈ প্ৰেৰণ কৰা হ'ব চন্দ্ৰযান-২। নিৰ্ধাৰিত এই সময়ৰ ভিতৰত চন্দ্ৰযানক চন্দ্ৰৰ বুকুলৈ প্ৰেৰণ কৰিবৰ বাবে তৎপৰ হৈ পৰিছে ভাৰতীয় মহাকাশ গৱেষণাকাৰী সংস্থা ইছৰ'। সংস্থাটোৱে দেওবাৰে প্ৰকাশ কৰে যে অহা এপ্ৰিল মাহত তেওঁলোকে চন্দ্ৰযান-২ চন্দ্ৰৰ বুকুলৈ প্ৰেৰণ কৰিবৰ বাবে পৰিকল্পনা যুগুত কৰিছে। এপ্ৰিল মাহত তেওঁলোক এই পৰিকল্পনাত সফল হ'ব বুলি আশাবাদী। যদিহে কোনো কাৰণত এয়া নহয়, তেন্তে অহা অক্টোবৰ মাহতহে চন্দ্ৰযানক প্ৰেৰণ কৰা হ'ব।