-->

আজি ইছৰোৱে উৎক্ষেপন কৰিব ৩১ টা কৃত্ৰিম উপগ্ৰহ: কক্ষপথত স্থাপন হ’ব ১০০ সংখ্যক উপগ্ৰহ

আজি ইছৰোৱে উৎক্ষেপন কৰিব ৩১ টা কৃত্ৰিম উপগ্ৰহ: কক্ষপথত স্থাপন হ’ব ১০০ সংখ্যক উপগ্ৰহ

আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৱে উৎক্ষেপন কৰিব ৩১ টাকৈ কৃত্ৰিম উপগ্ৰহ। এই ৩১ টা কৃত্ৰিম উপগ্ৰগ মহাকাশত স্থাপনৰ লগে লগে ইছৰোৰ পি এছ এল ভি-চি ৪০ যানযোগে উৎক্ষেপিত কৃত্ৰিম উপগ্ৰহৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিব। আজি পি এছ এল ভি-চি ৪০ উৎক্ষেপন যানখনে ৩১ টা কৃত্ৰিম উপগ্ৰহক প্ৰতিটোকে বিভিন্ন কক্ষপথত স্থাপন কৰিব। এইবাৰৰ অভিযানত কাৰ্টোছেট ছিৰিজৰ ৩১ টাকৈ কৃত্ৰিম উপগ্ৰহ মহাকাশত স্থাপনত সফল হোৱাৰ লগে লগে ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহৰ বজাৰখনত ইছৰোৰ দখল প্ৰতিপন্ন হ'ব। উল্লেখ্য যে পি এছ এল ভিযোগে দেশ-বিদেশৰ ২৫০ টাৰো অধিক কৃত্ৰিম উপগ্ৰহ ইছৰোৱে মহাকাশত সংস্থাপন কৰাত সফল হৈছে। আজিৰ উৎক্ষেপন এইবাবেই স্মৰ্তব্য যে এই অভিযানত সফল হোৱাৰ লগে লগে মহাকাশত ইছৰোৰ কৃত্ৰিম উপগ্ৰগৰ সংখ্যাই শতকৰ ঘৰ চুবগৈ। যোৱা বৰ্ষৰ ৩১ আগষ্টৰ পি এছ এল ভি মিছন ব্যৰ্থ হোৱাৰ পিচত আজি ইছৰোৰ কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন হ'ব আন এক মাইলৰ খুঁটি।