-->

গ্ল’বেল ইন’ভেচন ইনডেক্সত ভাৰত ৬০ সংখ্যক স্থানলৈ উন্নীত

গ্ল’বেল ইন’ভেচন ইনডেক্সত ভাৰত ৬০ সংখ্যক স্থানলৈ উন্নীত

গ্ল'বেল ইন'ভেচন ইনডেক্সত ভাৰত ছটা স্থান আগুৱাই ১৩০ খন দেশৰ ভিতৰত ৬০ সংখ্যক স্থান লাভ কৰিছে। ইয়াৰ ফলত মধ্য আৰু দক্ষিণ এছিয়াৰ শীর্ষস্থানপ্ৰাপ্ত দেশ হিচাপে পৰিগণিত হ'ল ভাৰত। এই তালিকা প্ৰকাশ কৰি উলিয়াইছে কৰ্ণেল ইউনিভাৰ্চিটি, ইনছিড আৰু ৱৰ্ল্ড ইনটেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেচনে। তালিকাত চুবুৰীয়া চীনৰ স্থান হৈছে ২২ সংখ্যক। আন চুবুৰীয়া দেশ শ্ৰীলংকাৰ ৯০, নেপালৰ ১০৯, পাকিস্তানৰ ১১৩ আৰু বাংলাদেশৰ স্থান হৈছে ১১৪ সংখ্যক।