-->

তিব্বত মালভূমিক সাঙুৰি চীনৰ দ্বিতীয়টো বৈজ্ঞানিক অভিযান: চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰো অন্তৰ্ভুক্ত

তিব্বত মালভূমিক সাঙুৰি চীনৰ দ্বিতীয়টো বৈজ্ঞানিক অভিযান: চীন-পাকিস্তান অৰ্থনৈতিক কৰিড’ৰো অন্তৰ্ভুক্ত

চুবুৰীয়া দেশ চীনে বিগত কেইবা দশক ধৰি তিব্বত মালভূমিত হোৱা জলবায়ু, জৈৱ-বৈচিত্ৰ আৰু পৰিবেশিক পৰিৱৰ্তনৰ অধ্যয়নৰ বাবে ৪ হেজাৰ মিটাৰ উচ্চ কিংহাই-তিব্বত মালভূমিলৈ কৰিবলগীয়া দ্বিতীয় বৈজ্ঞানিক অভিযানত চীনে অন্তৰ্ভুক্ত কৰিছে 'চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ'ক। পৃথিৱীৰ মূধচ বুলি জনাজাত কিংহাই-তিব্বত মালভূমিত চলাবলগীয়া এইবাৰৰ অভিযান পাঁচৰ পৰা দহ বছৰজুৰি চলিব। অভিযানৰ প্ৰথমটো আস্থান হ'ব ২,৩৯১ বৰ্গ কিঃমিঃৰ আয়তনৰ চাৰ্লিং ছো হ্ৰদ। চীনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান জিনহুৱাই প্ৰকাশ কৰা অনুসৰি চাইনিজ একাডেমী অব চায়েন্সে প্ৰায় ১০০ জন বিজ্ঞানীক দেশৰ দীৰ্ঘতম নদী যাংজেৰ উৎস হ্ৰদটোলৈ নিব। তাৰ পৰাই বিজ্ঞানীসকলে চাৰিটা দলত বিভক্ত হৈ মালভূমিটোৰ গ্লেচিয়াৰ, জলবায়ু পৰিৱৰ্তন, জৈৱ-বৈচিত্ৰ আৰু পৰিবেশিক পৰিৱৰ্তনৰ বিষয়ে বিস্তৃত অধ্যয়ন কৰিব।