-->

অভিলেখসংখ্যক ২৮৮ দিনীয়া অভিযান সমাপ্ত কৰি পৃথিৱীলৈ প্ৰত্যাৱৰ্তন মহাকাশচাৰী পেগী হুইটছনৰ

অভিলেখসংখ্যক ২৮৮ দিনীয়া অভিযান সমাপ্ত কৰি পৃথিৱীলৈ প্ৰত্যাৱৰ্তন মহাকাশচাৰী পেগী হুইটছনৰ

২৮৮ দিনীয়া অভিলেখ সৃষ্টিকাৰী অভিযানৰ পিছত কালি পৃথিৱীলৈ ঘূৰি আহে মাৰ্কিন মহাকাশচাৰী পেগী হুইটছন। মহাকাশত সৰ্বাধিক কাল কটোৱা মহাকাশচাৰী হোৱাৰ অভিলেখ গঢ়া হুইটছন হ'ল মহাকাশলৈ যোৱা আটাইতকৈ বয়সীয়াল মহিলা। ৫৭ বছৰীয়া মহাকাশচাৰীগৰাকী আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ কামাণ্ডাৰ হোৱা প্ৰথম মহিলা। ২০১৬ চনৰ নৱেম্বৰত মহাকাশলৈ যোৱা হুইটছনে ২৮৮ দিন মহাকাশত থকাৰ সময়ত ১৯৬.৭ নিযুত কিলোমিটাৰ পৰিভ্ৰমণ কৰে আৰু ৪,৬২৩ বাৰ পৃথিৱী পদক্ষিণ কৰে। কালি পুৱা স্থানীয় সময়মতে ৭.৩১ বজাত ছয়ুজ এম এছ-০৪ মহাকাশ যানখনেৰে জেক ফিশ্বাৰ আৰু থিয়'ড'ৰ য়ুৰচিখিনসহ হুইটছন কাজখস্তানত অৱতৰণ কৰে।