-->

আজি পৃথিৱীৰ নিচেই কাষ চাপিব শনি গ্ৰহ

আজি পৃথিৱীৰ নিচেই কাষ চাপিব শনি গ্ৰহ

আজি পৃথিৱী আৰু শনি গ্ৰহৰ দূৰত্ব আটাইতকৈ কম হ'ব। সৌৰজগতৰ আটাইতকৈ মনোৰম গ্ৰহ হিচাপে পৰিচিত শনি গ্ৰহ এই বছৰটোৰ বাবে পৃথিৱীৰ পৰা নিকটতম দূৰত্বত অৱস্থান কৰিব। উল্লেখ্য যে প্ৰায় ৩৭৮ দিনৰ অন্তৰে অন্তৰে শনি গ্ৰহৰ প্ৰতিযোগ পৰিঘটনা হয়, যিটোত শনি গ্ৰহ আৰু সূৰ্য গ্ৰহৰ পৃথিৱীয়ে অৱস্থান কৰোঁতেই শনি আৰু পৃথিৱীৰ মাজৰ দূৰত্ব নূন্যতম হয়। কিন্তু এইবাৰ প্ৰতিযোগৰ সময়ত শনি গ্ৰহৰ বলয়বোৰ আমাৰ দৃষ্টিৰেখাৰ পৰা প্ৰায় ২৬° হেলনীয়াকৈ থাকি পৰাই চাৰে চৈধ্য বছৰৰ ব্যৱধানত গ্ৰহটোক অধিক মনোমোহা কৰি তুলিব।