নাৰীক চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে নাছা

নাৰীক চন্দ্ৰলৈ পঠিয়াবলৈ সাজু হৈছে নাছা

এইবাৰ নাৰীক চন্দ্ৰলৈ পঠিয়াব নাছাই। নাছাৰ জংচন স্পেচ চেণ্টাৰৰ সঞ্চালক ড° এলেন অ'ছোৱাই কয় যে সংস্থাটোৰ তিনিগৰাকী সক্ৰিয় মহাকাশ যাত্ৰীৰ ভিতৰত এগৰাকী মহিলাও আছে। এনে অৱস্থাত চলিত শতিকাত চন্দ্ৰত ভৰি দিবলগীয়া মানুহৰ ভিতৰত এগৰাকী মহিলাও থাকিব পাৰে বুলি তেওঁ সম্ভাৱনাও ব্যক্ত কৰে। স্মৰ্তব্য যে চন্দ্ৰলৈ নাৰীক প্ৰেৰণ কৰাৰ কোনো পৰিকল্পনা নাই বুলি ১৯৬০ চনত নাছাই নাৰীৰ আবেদন অগ্ৰাহ্য কৰিছিল। নাছাই অগ্ৰাহ্য কৰা আবেদনকাৰীৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন বিদেশ সচিব হিলাৰী ক্লিন্টনো আছিল।