-->

পৃথিৱী পৰিণত হব “জুইৰ কবল”ত : ষ্টিফেন হ’কিঙ

পৃথিৱী পৰিণত হব “জুইৰ কবল”ত : ষ্টিফেন হ’কিঙ

অভাৱনীয় জনবিস্ফোৰণ আৰু পৰ্যাপ্ত শক্তি আহৰণৰ ফলতেই আৰু ৬০০ বছৰ পিছত এটা প্ৰকাণ্ড 'জুইৰ বল'ত পৰিণত হব পৃথিৱী । এই শিহৰণকাৰী মন্তব্য বিশ্বৰ প্ৰখ্যাত পদাৰ্থ বিজ্ঞানী ষ্টিফেন হ'কিঙৰ । আগন্তুক ছটাকৈ শতিকাৰ পিছতেই এটা অগ্নিপিত্তত পৰিণত হব পৃথিৱী । বেইজিঙত অনুষ্ঠিত টানচেণ্ট ডব্লিউ ই সন্মিলনত এক ভিডিঅ' সম্প্ৰচাৰ যোগে ব্ৰিটেইন প্রখ্যাত পদাৰ্থ বিজ্ঞানী গৰাকীয়ে প্ৰকাশ কৰিছে মানৱ জাতি ধ্বংসৰ এক ভয়াবহ ভৱিষ‍্যদ্বাণী । উক্ত অনুষ্ঠানত ভিডিও' সম্প্ৰচাৰ যুগে মানৱ সভ্যতা ৰক্ষাৰ পৰামৰ্শ আগবঢ়াই ষ্টিফেন হ'কিঙে কয় - 'ভৱিষ্যতৰ এনে ভয়াবহ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ হলে আমাৰ সৌৰ জগতত নিকটৱৰ্তী কোনো গ্ৰহত বসবাস পৰিকল্পনা কৰা উচিত । মোৰ এনে পৰিকল্পনাক সমৰ্থন জনাবলৈ বিনিয়োগৰাকীক আহ্বান জনাইছোঁ ।'