হিন্দু বাংলাদেশী,অসম চুক্তি বিষয়ত অটল স্থিতিত অগপ

হিন্দু বাংলাদেশী,অসম চুক্তি বিষয়ত অটল স্থিতিত অগপ

অসম চুক্তি উলংঘা কৰি কেন্দ্ৰীয় চৰকাৰে ধৰ্মৰ ভিত্তিত ১৯৭১ চনৰ পিছৰ বিদেশীক সংস্থাপিত কৰিবলৈ বিচৰা পদক্ষেপ তথা উত্থাপন কৰা বিধেয়কক অসম গণ পৰিষদে কোনো কাৰণতে সমৰ্থন নকৰে। নাগৰিকত্ৱ (সংশোধনী) বিধেয়কক আইনত পৰিণত কৰাই হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ বিৰূদ্ধে অগপৰ এই আপোচবিহীন স্থিতিৰ লগতে অসম চুক্তিৰ আখৰে আখৰে ৰূপায়ণৰ দাবীত ইতিমধ্য়ে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিষয়ে আঞ্চলিক দলটোৱে প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদান কৰিব। অসম গণ পৰিষদৰ নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ কালি অনুষ্ঠিত প্ৰথমখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।