-->

কেনিয়াত ভাৰতীয় যুৱকৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন বিচাৰিলে মন্ত্ৰী সুষমা স্বৰাজে

কেনিয়াত ভাৰতীয় যুৱকৰ মৃত্যু সন্দৰ্ভত প্ৰতিবেদন বিচাৰিলে মন্ত্ৰী সুষমা স্বৰাজে

কেনিয়াত সংঘটিত ভাৰতীয় যুৱকৰ হত্যাকাণ্ডৰ বিষয়ে প্ৰতিবেদন বিচাৰিছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে। টুইটাৰৰ জৰিয়তে বিদেশ মন্ত্ৰীগৰাকীয়ে কেনিয়াত থকা ভাৰতীয় উচ্চায়ুক্ত সূচিত্রা দুৰাইৰ পৰা হত্যাকাণ্ডৰ সবিশেষ বিচাৰে। উল্লেখ্য যে কেনিয়াৰ ৰাজধানী নাইৰোবিত বাস কৰা গুজৰাটী পৰিয়াল এটাৰ সন্তান বন্তি শ্বাহক ঘৰৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল। এই ঘটনাৰ পিছত বিদেশ মন্ত্ৰীয়ে সবিশেষ প্ৰতিবেদন বিচাৰি টুইটাৰযোগে প্ৰতিবেদন বিচাৰে।