-->

ছৌডিত ২৪ বছৰে অবৈধভাৱে থকা ভাৰতীয়ৰ অতি শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন

ছৌডিত ২৪ বছৰে অবৈধভাৱে থকা ভাৰতীয়ৰ অতি শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন

ভাৰতৰ এজন লোক অতি শীঘ্ৰে নিজ দেশলৈ ছৌডি আৰবৰ পৰা প্ৰত্যাৱৰ্তনৰ পথ মুকলি হৈছে। ছৌডি আৰবত ২৪ বছৰ ধৰি অবৈধভাৱে থকা ৫২ বছৰীয়া ব্যক্তিজনৰ নাম গণপ্ৰকাশম ৰাজমাৰিয়ন। তামিলনাডুৰ এই ব্যক্তিজনৰ ছৌডি চৰকাৰে ৯০ দিনীয়া ক্ষমাৰ সময়সীমা ঘোষণা কৰাৰ পিছতে লোকজন স্বদেশলৈ ঘূৰি অহাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১৯৯৪ চনত ছৌডি আৰবৰ হেইল প্ৰদেশৰ এখন গাঁৱত কৃষি কাৰ্যত সহায় কৰিবৰ বাবে গৈছিল। ঘৰলৈ এবাৰো নহাকৈ ২৪ বছৰ কাল বিদেশত কটোৱা গণপ্ৰকাশমে সদৰী কৰামতে ছৌডিত কাম কৰি লাভ কৰা ধনেৰে তেওঁ নিজৰ চাৰিগৰাকী জীয়ৰীক বিয়া দিব পাৰিছে।