পাকিস্তানৰ সংসদলৈ নিৰ্বাচিত হিন্দু মহিলা

পাকিস্তানৰ সংসদলৈ নিৰ্বাচিত হিন্দু মহিলা

পাকিস্তানৰ সংসদলৈ নিৰ্বাচিত হৈছে প্ৰথমগৰাকী দলিত হিন্দু মহিলা। বিলাবল ভূট্টো জৰ্ডাৰী নেতৃত্বৰ পাকিস্তান পিপলছ পাৰ্টিৰ সদস্য হিচাপে সিন্ধু প্ৰদেশৰ পৰা ৩৯ বছৰীয়া কৃষ্ণা কুমাৰী কলহি পাকিস্তানৰ সংসদলৈ নিৰ্বাচিত হয়। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি হিন্দু দলিত সম্প্ৰদায়ৰ এগৰাকী মহিলা প্ৰথমবাৰলৈ পাকিস্তানৰ সংসদলৈ নিৰ্বাচিত হৈছে। সিন্ধু প্ৰদেশৰ পৰা মহিলাৰ বাবে সংৰক্ষিত আসনত কৃষ্ণা কুমাৰী নিৰ্বাচিত হয়। ইতিপূৰ্বে পাকিস্তান পিপুলছ পাৰ্টিয়ে সাংসদ হিচাপে ৰত্ন ভগৱান দাস নামৰ এগৰাকী হিন্দু মহিলাক সংসদলৈ নিৰ্বাচিত কৰিছিল। সদ্য নিৰ্বাচিত কৃষ্ণা কুমাৰী সিন্ধু প্ৰদেশৰ খাৰৰ এখন দুৰ্গম গাঁৱৰ বাসিন্দা।