শেহতীয়া খালিস্তান বিতৰ্ক সন্দৰ্ভত ভাৰতৰ পক্ষত অৱস্থান কানাডাৰ বিৰোধী

শেহতীয়া খালিস্তান বিতৰ্ক সন্দৰ্ভত ভাৰতৰ পক্ষত অৱস্থান কানাডাৰ বিৰোধী

খালিস্তানী সমৰ্থক যশপাল অটৱালক লৈ কানাডাৰ সংসদত বিতৰ্ক আৰম্ভ হৈছে। ইতিমধ্যে কানাডাৰ বিৰোধী দলে খালিস্তানী সমৰ্থকক নিন্দা কৰিছে আৰু ভাৰতৰ একতাৰ প্ৰতি কানাডা দায়বদ্ধ বুলি মন্তব্য কৰিছে। শীঘ্ৰে এই সম্পৰ্কত কানাডাৰ সংসদত প্ৰস্তাৱ উত্থাপনৰ বাবেও বিৰোধীয়ে বিচাৰ-বিবেচনা কৰি আছে। কানাডাৰ এন এছ এয়ে খালিস্তানী সমৰ্থক অটৱালক ভিছা দিয়াৰ আঁৰত ভাৰত চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ আছিল বুলি অভিযোগ কৰিছিল। বিৰোধীয়ে এনে অভিযোগ একেমুখে খণ্ডন কৰি প্ৰশ্ন কৰিছে যে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কে কিবা প্ৰমাণ দিব পাৰিব নেকি ?