-->

ট্রাম্প প্ৰশাসনৰ মেধাভিত্তিক প্ৰব্ৰজন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ: পাৰদৰ্শী ভাৰতীয়ৰ উপকাৰ হোৱাৰ সম্ভাৱনা

ট্রাম্প প্ৰশাসনৰ মেধাভিত্তিক প্ৰব্ৰজন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ: পাৰদৰ্শী ভাৰতীয়ৰ উপকাৰ হোৱাৰ সম্ভাৱনা

ড'নাল্ড ট্ৰাম্পে মেধাভিত্তিক এক প্ৰব্ৰজন ব্যৱস্থাৰ প্ৰস্তাৱ কৰিছে। এই ব্যৱস্থাই পাৰদৰ্শী ভাৰতীয় কৰ্মীৰ উপকাৰ সাধন কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই ব্যৱস্থাই ভাৰতীয় কৰ্মীক তেওঁলোকৰ পৰিয়ালবৰ্গক আমেৰিকাত কাম কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ সম্ভাৱনা ক্ষীণ। এই আগ্ৰাসী আঁচনিয়ে দেশখনৰ স্বাৰ্থৰ হকে কাম কৰিব বুলি আশা প্ৰকাশ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে। ব্যৱস্থাটোত অৱশ্যে ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত পেছাদাৰী লোকসকলে বিচৰা এইচ-১ বি ভিছাৰ কোনো উল্লেখ নাই। ট্ৰাম্পে ইয়াৰ লগতে মাৰ্কিন-মেক্সিকো সীমান্তত নিৰ্মাণ কৰিবলগীয়া দেৱালৰ পুঁজিৰ বিষয়টো পৰৱৰ্তী কাৰ্য্যসূচীৰ অন্তৰ্ভুক্ত কৰিছে। নতুন আঁচনিখনে পাৰদৰ্শী ভাৰতীয় প্ৰব্ৰজনকাৰী উপকাৰ সাধিব যদিও আমেৰিকালৈ বৃদ্ধ পিতৃ-মাতৃকে ধৰি পৰিয়ালবৰ্গক আনিব বিচৰা ভাৰতীয় মূলৰ আমেৰিকানসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব।