-->

এইচ-১ বি ভিছা নীতি সলনি হ’লেও প্ৰত্যাৱৰ্তন কৰিব নালাগে ৭.৫ লাখ ভাৰতীয়ই

এইচ-১ বি ভিছা নীতি সলনি হ’লেও প্ৰত্যাৱৰ্তন কৰিব নালাগে ৭.৫ লাখ ভাৰতীয়ই

এইচ-১ বি ভিছা সন্দৰ্ভত ড'নাল্ড ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিয়া স্থিতিৰ পিচত কেইবাজনো মাৰ্কিন সাংসদে সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে এইচ-১ বি ভিছা নীতি সলনি কৰাৰ পিচত আমেৰিকাত কৰ্মৰত হৈ থকা প্ৰায় ৭.৫ লাখ ভাৰতীয় লোকে স্বদেশলৈ উভতি আহিবলগীয়া হ'ব বুলি আশংকা প্ৰকাশ পাইছিল। এই সম্পৰ্কত চলি থকা বিতৰ্কৰ মাজতে ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিছে যে এইচ-১ বি ভিছা নীতি সলনি কৰাৰ পিচতো স্বদেশলৈ উভতি যাবনালাগে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি মাৰ্কিন সাংসদ তুলসী গৱাৰ্ডে কয় যে এইচ ৱান বি ভিছা লৈ আমেৰিকাত বসতি কৰা লোকহককে সদায়েই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ অর্থনিটিৰ বিকাশত অৰিহণা যোগায় আহিছে।