-->

ক্ৰমে গৃহমুখী হ’বলৈ বিচাৰিছে কাটাৰত কৰ্মৰত প্ৰবাসী ভাৰতীয়

ক্ৰমে গৃহমুখী হ’বলৈ বিচাৰিছে কাটাৰত কৰ্মৰত প্ৰবাসী ভাৰতীয়

মধ্যপ্ৰাচ্যৰ দেশ কাটাৰক আন আন কাষৰীয়া দেশসমূহে একাষৰীয়া কৰাত তাত কৰ্মৰত ভাৰতীয়ই বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে। দেশখনত চাকৰি বিলুপ্তিৰ লগে লগে বহু ভাৰতীয়ই চাকৰি হেৰুৱাইছে। আনহাতে কাটাৰত দৈনন্দিন সমগ্ৰীৰো তীব্ৰ নাটনিৰ সৃষ্টি হোৱাত সামগ্ৰী সমূহৰ মূল্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ফলত দেশখনত কৰ্মৰত ভাৰতীয় সকলে নিজ দেশলৈ উভতি আহিবলৈ বিচাৰিছে। তেওঁলোকে কাটাৰত বৰ্তমান সময়ত নিজৰ ভৱিষ্যতক লৈ বাৰুকৈয়ে শংকিত হৈ পৰিছে।