-->

আমেৰিকাৰ প্ৰবাসী ভাৰতীয়সকলে ভাৰতৰ ৫০০ গাঁৱৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিব

আমেৰিকাৰ প্ৰবাসী ভাৰতীয়সকলে ভাৰতৰ ৫০০ গাঁৱৰ উন্নয়নৰ দায়িত্ব গ্ৰহণ কৰিব

আমেৰিকাত থকা প্ৰবাসী ভাৰতীয় সকলে ভাৰতৰ ৫০০ গাঁৱৰ উন্নয়নত দায়িত্ব গ্ৰহণ কৰিব। এই বিষয়ে অৱগত কৰিছে প্ৰবাসী ভাৰতীয় সকলৰ এক সংস্থাই। এই বিষয়ে আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিব অহা ১ জুলাইত আমেৰিকাত হ'বলগীয়া প্ৰবাসী ভাৰতীয় সকলৰ এক সমাবেশত। এই সমাবেশৰ আয়োজন কৰিছে আমেৰিকাৰ প্ৰবাসী ভাৰতীয় সকলৰ সংস্থা 'অভাৰচিজ ভলিউন্তিয়াৰ ফৰ বেটাৰ ইণ্ডিয়া' নামৰ সংস্থাটোৱে। সংস্থাটোৰ মতে অহা ২০২২ চনৰ ভিতৰত উক্ত ৫০০ গাঁৱৰ উন্নয়ন সাধন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব সংস্থাটোৱে।