-->

ভাৰত-পাকিস্তানৰ ছেমি ফাইনেলক লৈ উৎসাহী লণ্ডনস্থিত প্ৰবাসী ভাৰতীয়

ভাৰত-পাকিস্তানৰ ছেমি ফাইনেলক লৈ উৎসাহী লণ্ডনস্থিত প্ৰবাসী ভাৰতীয়

অহা দেওবাৰে হ'বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত মুখামুখি হ'ব চিৰবৈৰী দুই দেশ, ভাৰত আৰু পাকিস্তান। এই প্ৰতিযোগিতাৰ বাবে এতিয়া সমগ্ৰ ভাৰতৰ ক্ৰিকেটপ্ৰেমীৰ লগতে সমানেই উৎসাহী আৰু ব্যগ্ৰ হৈ আছে লণ্ডনস্থিত প্ৰবাসী ভাৰতীয়সকল। ইতিমধ্যেই প্ৰবাসী ভাৰতীয়সকলে ভাৰত সেনাৰ জৰিয়তে টীম ইণ্ডিয়াক যথেষ্ট উৎসাহ আগবঢ়াই আহিছে। দেওবাৰেও ইয়াৰ ব্যতিক্ৰম নহ'ব। লণ্ডনৰ প্ৰবাসী ভাৰতীয়ৰে ভৰি পৰিব ক্ৰিকেটৰ ভূ-স্বৰ্গস্বৰূপ অ'ভেল ক্ৰিকেট ষ্টেডিয়াম।