-->

প্ৰশান্ত ভূষণৰ নথি নিৰ্ভৰযোগ্য় নহয়

প্ৰশান্ত ভূষণৰ নথি নিৰ্ভৰযোগ্য় নহয়

গুজৰাটৰ মুখ্য়মন্ত্ৰী হৈ থকা কালত নৰেন্দ্ৰ মোডীয়ে ছাহাৰা আৰু বিৰলা প্ৰতিষ্ঠানৰপৰা টকা লোৱা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তুলি অহা অভিযোগ কাৰ্যত: অসাৰ প্ৰতিপন্ন কৰিলে উচ্চতম ন্য়ায়ালয়ে। ছাহাৰা-বিৰলা ডায়েৰী সম্পৰ্কত তদন্তৰ দাবীৰে দাখিল কৰা আবেদন এখনৰ ক্ষেত্ৰত উচ্চতম ন্য়ায়ালয়ে কয় যে অধিবক্তা প্ৰশান্ত ভূষণে দাখিল কৰা নথিসমূহ নিৰ্ভৰযোগ্য় নহয়। ভূষণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অৰু আন একাংশ লোকৰ বিৰূদ্ধে তদন্ত চলোৱাৰ দাবী তুলিছিল। উচ্চতম ন্য়ায়ালয়ে তদন্তৰ আবেদন নাকচ কৰি কয় যে আবেদনখন যোগ্য়তাহীন আৰু যদি ভূষণে দাখিল কৰা নথিসমূহ বৈধ প্ৰমাণ বুলি গ্ৰহণ কৰা হয়,তেন্তে 'গোপন উদ্দেশ্য়' পূৰণৰ স্ৱাৰ্থত আইনৰ প্ৰক্ৰিয়া অপব্য়ৱহাৰৰ আশংকা থাকিব।