ছিক্ৰেট ছুপাৰষ্টাৰ’ জাইৰাক বিমানত যৌন আতিশয্য

ছিক্ৰেট ছুপাৰষ্টাৰ’ জাইৰাক বিমানত যৌন আতিশয্য

যাত্ৰীবাহী বিমানতে যৌন আতিশয্যৰ সন্মুখীন হ'ল ছিক্ৰেট চুপাৰষ্টাৰখ্যাত অভিনেত্ৰী জাইৰা ৱাছিম। দিল্লীৰ পৰা মুম্বাইলৈ আহি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি মাতৃৰ সৈতে দিল্লীৰ পৰা মুম্বাইলৈ এখন যাত্ৰীবাহী বিমানেৰে আহি আছিল অভিনেত্ৰীগৰাকী। সেই সময়ত নিশা হোৱাৰ বাবে বিমানৰ ভিতৰত কম পোহৰৰ লাইট জ্বলি আছিল। তেনে সময়তে জাইৰাৰ পিচৰ ছিটত বহি অহা এজন মধ্য বয়সীয়া লোকে অভিনেত্ৰীগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত আপত্তিজনকভাৱে স্পৰ্শ কৰিবলৈ চেষ্টা কৰে। প্ৰথম অৱস্থাত জাইৰাই গুৰুত্ব দিয়া নাছিল যদিও বাৰে বাৰে শৰীৰৰ বিভিন্ন অংশত পিছফালৰ লোকজনে স্পৰ্শ কৰাৰ পাছতহে তেওঁ সচকিত হৈ পৰে। একেদৰে উক্ত ঘটনা নিজৰ ম'বাইল ফোনটোৰে ৰেকৰ্ডিং কৰিবলৈও তেওঁ চেষ্টা চলাইছিল। পাছত এই কথা ছ'ছিয়েল মিডিয়াত প্ৰকাশ কৰাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰিছে মুম্বাই আৰক্ষীয়ে। অতি শীঘ্ৰে মুম্বাই আৰক্ষীয়ে উক্ত লোকজনক সোধা-পোছা কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।