-->

আজি ঘোষণা হ’ব স্বয়ম্ভূ ভগৱান ৰাম ৰহিমৰ শাস্তি: কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী ৰোহটকৰ কাৰাগাৰত

আজি ঘোষণা হ’ব স্বয়ম্ভূ ভগৱান ৰাম ৰহিমৰ শাস্তি: কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী ৰোহটকৰ কাৰাগাৰত

আজি ডেৰা সচ্চা চৌডাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙৰ ৰায়দান ঘোষণা কৰিব চি বি আইৰ বিশেষ আদালতে। এগৰাকী সাধ্বিক বলাৎকাৰৰ অভিযোগত দোষী সাব্যস্ত হৈছিল ধৰ্ম গুৰুগৰাকী। আনহাতে আজি তেওঁৰ শাস্তি ঘোষণা কৰাৰ পিছত ডেৰাৰ সমৰ্থকে পুনৰ উপদ্ৰৱ কৰাৰ আশংকা কৰি হাৰিয়ানা আৰু পঞ্জাৱ চৰকাৰে কথোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি নিৰাপত্তা ব্যৱস্থাও কঠোৰ কৰি তুলিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি ডেৰাৰ সমৰ্থকৰ দ্বাৰা হ'বপৰা যিকোনো অবাঞ্চিত ঘটনা প্ৰতিৰোধৰ বাবে হাৰিয়ানা আৰু পঞ্জাৱত সেনাৰ ২৮ টা কোম্পানী আৰু অৰ্ধসামৰিক বাহিনীৰ ২৩ টা কোম্পানী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও পঞ্চকুলা, ৰোহটক, কৈথলা আৰু আম্বালৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। হাৰিয়ানাত আজি সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ উপৰিও চৰকাৰী কাৰ্যালয় আৰু ইণ্টাৰনেট সেয়াও সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। আনহাতে চি বি আইৰ বিশেষ আদালতৰ ন্যায়াধীশ জগদীপ সিঙে কাইলৈ ৰোহটকৰ কাৰাগাৰত স্থাপন কৰা অস্থায়ী আদালতত শাস্তিক লৈ শুনানি গ্ৰহণ কৰিব আৰু ৰায়দান কৰিব। তেওঁ হেলিকপ্টাৰেৰে কাৰাগাৰত উপস্থিত হ'ব বুলিও জানিব পৰা গৈছে।