এইবাৰৰ শীতত দিল্লীত পৰিল সৰ্বাধিক গৰম

এইবাৰৰ শীতত দিল্লীত পৰিল সৰ্বাধিক গৰম

১২ বছৰত প্ৰথমবাৰলৈ দেশৰ ৰাজধানী নতুন দিল্লীত শীতকালত সৰ্বাধিক গৰম পৰিছে। পৰিসংখ্যা অনুসৰি ২০০৬ চনৰ পাছত দিল্লীত বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সৰ্বাধিক গৰম পৰে। সাধাৰণতে দিল্লীত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ হাড় কঁপোৱা অনুভূত হয় যদিও এইবাৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত তাৰ ব্যতিক্ৰম দৃশ্য পৰিলক্ষিত হয়। ফেব্ৰুৱাৰী মাহত সৰ্বোচ্চ গড় তাপমাত্ৰা ২৬.৫ ডিগ্ৰী চেলচিয়াছ আছিল। স্বাভাৱিক উষ্ণতাতকৈ ই আছিল ২.৭ ডিগ্ৰী চেলচিয়াছ বেছি।