-->

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত যথেষ্ট কম ষ্টাৰ্ট আপ মুকলি

বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত যথেষ্ট কম ষ্টাৰ্ট আপ মুকলি

মোডী চৰকাৰে ভাৰতত ষ্টাৰ্টআপ স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে যদিও প্ৰকৃতাৰ্থত ইয়াৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষত দেশত ৬,০০০ টা ষ্টাৰ্টআপ প্ৰতিষ্ঠান স্থাপন হোৱাৰ বিপৰীতে চলিত বৰ্ষত এতিয়ালৈকে স্থাপন হোৱা ষ্টাৰ্টআপৰ সংখ্যা হৈছে মাত্ৰ ৮০০ টা। মূলতঃ ই কুমাৰ্চ খণ্ডত স্নেপডীলৰ দৰে প্ৰতিষ্ঠানৰ শেহতীয়া সংকট আৰু ইন্টাৰনেট ভিত্তিক কেইবাটাও প্ৰতিষ্ঠানৰ জটিলতাৰ ফলতে নতুন উদ্যোগী ষ্টাৰ্টআপত বিনিয়োগ কৰাৰ পৰা আঁতৰি আহিছে। ষ্টাৰ্টআপ ট্রেকাৰ ট্ৰেকচন নামৰ সংস্থাটোৰ মতে ধাৰাবাহিকভাৱে দুবছৰ ধৰি নতুনকৈ গঠন হোৱা ষ্টাৰ্টআপৰ সংখ্যা হ্ৰাস পাইছে। এয়া ভাৰতৰ ষ্টাৰ্টআপ খণ্ডৰ বাবে অশনি সংকেত বুলিও সংস্থাটোৱে সতৰ্কবাণী জাৰি কৰিছে।