-->

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উত্তেজনাপূর্ণ পৰিস্থিতি: ছাত্ৰ-ছাত্ৰী, সাংবাদিক আহত

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত উত্তেজনাপূর্ণ পৰিস্থিতি: ছাত্ৰ-ছাত্ৰী, সাংবাদিক আহত

ছোৱালী জোকোৱাক কেন্দ্ৰ কৰি অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীৰ পিচতে নিশা উত্তৰ প্ৰদেশৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত জ্বলি উঠে হিংসাৰ জুই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰাত ভালেমান শিক্ষাৰ্থীৰ লগতে দুজন সাংবাদিকো আহত হয়। ইতিমধ্যে এই ঘটনাক লৈ ৰাজনৈতিক মহলত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে আৰক্ষীৰ লাঠীচালনাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰীও আহত হোৱাৰ ঘটনাৰ বাবে ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰক গৰিহণা দিয়ে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমগ্ৰ ঘটনাটো সন্দৰ্ভত মহকুমা আয়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰিছে। আৰক্ষীৰ এনে নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ হৈছে সমাজবাদী পাৰ্টিও। শনিবাৰৰ নিশাৰ হিংসাৰ পিচতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শিক্ষানুষ্ঠানখন আজিৰ পৰা অহা ২ অক্টোবৰলৈ বন্ধ ঘোষণা কৰি দিছে।