-->

দেশজুৰি টেম্পল এণ্টাৰপ্ৰাইজৰ অভাৱনীয় উত্থানৰ বাতৰিক লৈ সৰৱ বিৰোধী

দেশজুৰি টেম্পল এণ্টাৰপ্ৰাইজৰ অভাৱনীয় উত্থানৰ বাতৰিক লৈ সৰৱ বিৰোধী

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে অমিত শ্বাহে দায়িত্ব গ্ৰহণ কৰাৰ পিচতে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহে ব্যৱসায়ত অবিশ্বাস্য উন্নতি কৰাৰ তথ্য অনলাইন মিডিয়া 'দি ৱায়াৰ'ৰ সাংবাদিকে পোহৰলৈ অনাৰ পিচতে ইয়াক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একমাত্ৰ পিতৃৰ ক্ষমতাৰ সুবাদতে জয় শ্বাহৰ টেম্পল এণ্টাৰপ্ৰাইজে এবছৰৰ ভিতৰত ৫০,০০০ টকাৰ পৰা ৮০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সমৰ্থ হোৱাৰ সন্দৰ্ভত সৰৱ হৈ উঠিছে কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী। জ্যেষ্ঠ কংগ্ৰেছ নেতা কপিল ছিবালে সংবাদমেল পাতি এই বাতৰিৰ চি বি আই তদন্ত দাবী কৰাৰ পিচতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডীয়ে নিজকে 'চকীদাৰ' বুলি উল্লেখ কৰাৰ প্ৰসংগত ৰাহুল গান্ধীয়ে 'আপুনি চকীদাৰ আছিল নে ভাগীদাৰ' বুলি প্রধানমন্ত্ৰীক প্ৰশ্ন কৰে। তেওঁ অমিত শ্বাহৰ পুত্ৰক 'শ্বাহ-জাদা' বুলিও কটাক্ষ কৰে। টুইটাৰত ৰাহুলে কয়- 'অৱশেষত নোট বাতিল, অৰ্থাৎ বিমুদ্রাকৰণৰ সুফল একমাত্ৰ কোনে পালে, সেয়া জনা গ'ল। ৰিজাৰ্ভ বেংক, দৰিদ্ৰ লোক অথবা কৃষক নহয়। নোট বাতিলত কেৱল শ্বাহৰ শ্বাহ-জয় অমিত।' তেওঁ লগতে অমিত শ্বাহৰ পদত্যাগৰো দাবী কৰে।