দেশৰ স্বাৰ্থত সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনালে ছোনিয়া গান্ধীয়ে

দেশৰ স্বাৰ্থত সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনালে ছোনিয়া গান্ধীয়ে

ৰাষ্ট্ৰীয় স্বাৰ্থত সংসদৰ বাহিৰে-ভিতৰে বিৰোধী ঐক্যৰ আহ্বান জনাইছে ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে। বিজেপিৰ নেতৃত্বৰ এন ডি এৰ বিৰোধী ১৭ টা ৰাজনৈতিক দলৰ নতুন দিল্লীত হোৱা বৈঠকত সভাপতিত্ব কৰি কালি এই আহ্বান জনায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। তেওঁ কয় যে দলসমূহে ৰাজ্যিক ক্ষেত্ৰত থকা সকলো মতানৈক্য একাষৰীয়া কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে একেলগে কাম কৰা উচিত। এইক্ষেত্ৰত সংসদৰ বাহিৰে ভিতৰে এটা উমৈহতীয়া নীতি থকাতো গুৰুত্ব দিয়ে তেওঁ। গান্ধীয়ে দেশজুৰি ধৰ্ম আৰু জাত-পাতক লৈ সংঘটিত হিংসাৰ বিৰুদ্ধে সকলো দলক সতৰ্ক থাকিবলৈও আহ্বান জনায়।