-->

উচ্চতম ন্যায়ালয়ত প্ৰয়োগ হ’ল ‘ৰ’ষ্টাৰ’ পদ্ধতি

উচ্চতম ন্যায়ালয়ত প্ৰয়োগ হ’ল ‘ৰ’ষ্টাৰ’ পদ্ধতি

বিভিন্ন ন্যায়াধীশৰ মাজত গোচৰৰ দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা এক নতুন পদ্ধতি গ্ৰহণ কৰা হ'ব উচ্চতম ন্যায়ালয়ত। বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে দেশৰ সংবাদ মাধ্যমে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়াৰে পৰা বিভিন্ন ন্যায়াধীশৰ মাজত গোচৰ ভাগ-বটোৱাৰাৰ ক্ষেত্ৰত 'ৰ'ষ্টাৰ' পদ্ধতি প্ৰয়োগ কৰা হ'ব। মুখ্য ন্যায়াধীশ দীপক মিশ্রৰ প্ৰত্যক্ষ উদ্যোগত এই পদ্ধতি প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনসমূহৰ ক্ষেত্ৰত কতৃত্ব মুখ্য ন্যায়াধীশগৰাকীয়ে নিজৰ হাতত ৰাখিছে। অহা ৫ ফেব্ৰুৱাৰীৰ পৰা এই নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব। উল্লেখ্য যে কিছুদিন পূৰ্বে এই বিষয়টোক লৈয়ে উচ্চতম ন্যায়ালয়ৰ চাৰিজন ন্যায়াধীশে মুকলিকৈ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰিছিল।