-->

কংগ্ৰেছ মুখপাত্ৰ ৰেণুকা চৌধুৰীৰ মন্তব্য : প্ৰয়োজন হ’লে মোডীক কংগ্ৰেছে ৭০০টকাত দিব জেকেট

কংগ্ৰেছ মুখপাত্ৰ ৰেণুকা চৌধুৰীৰ মন্তব্য : প্ৰয়োজন হ’লে মোডীক কংগ্ৰেছে ৭০০টকাত দিব জেকেট

মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অহা ৰাহুল গান্ধীয়ে ৭০ হেজাৰটকীয়া জেকেট পৰিধান কৰা বুলি বিজেপিয়ে কৰা মন্তব্যৰ পাছতে দলটোক উভতি ধৰিছে কংগ্ৰেছে। বিজেপিৰ উক্ত মন্তব্যৰ পিচতে কংগ্ৰেছ নেত্ৰী ৰেণুকা চৌধুৰীয়ে কয় যে দলটোৰ এনে ভাষ্য চূড়ান্ত হাস্যকৰ। তেওঁ লগতে কয় যে বিজেপিয়ে যিটো জেকেটৰ দাম ৭০ হেজাৰটকীয়া বুলি দাবী কৰিছে, সেই জেকেটটো তেওঁ ৭০০ টকাতে কিনি আনি দেখুৱাব পাৰে। যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেনে এক জেকেট পৰিধান কৰিব বিচাৰে তেওঁ মোডীলৈ তেনে এটা জেকেট ক্ৰয় কৰি প্ৰেৰণ কৰিব। পিছে মোডীৰ শৰীৰৰ জোখ কিমান তেওঁ ভালকৈ নাজানে। কেৱল এই কথা জানে যে মোডীৰ বুকু ৫৬ ইঞ্চিৰ।