-->

তিনি তালাক বিৰোধী আইনক সমৰ্থন কৰে ৰামদেৱে

তিনি তালাক বিৰোধী আইনক সমৰ্থন কৰে ৰামদেৱে

একাংশ মুছলিম মৌলবি আৰু নেতাই কেন্দ্ৰৰ তিনি তালাক বিৰোধী আইনৰ খচৰাৰ বিৰোধিতা কৰিলেও এই খচৰাক সমৰ্থন জনাইছে যুগগুৰু বাবা ৰামদেৱে । তিনি তালাক বিৰোধী আইনৰ খচৰাক সমৰ্থন জনাই আজি যুগগুৰু ৰামদেৱে কয়---'ইছলাম নামত তিনি তালাকৰ জৰিয়তে মুছলিম মহিলাৰ বিৰুদ্ধে চলাই থকা অত্যাচাৰ অন্যায় বন্ধ কৰা উচিত । ধৰ্মৰ নামত কোনো মহিলাৰ বিৰুদ্ধে অন্যায় কৰাটো উচিত নহয় । উত্তৰ প্ৰাদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথৰ উপস্থিতিত যুগগুৰু বাবা ৰামদেৱে কয় যে কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱিত আইনৰ খচৰা খনিক আদৰণি জনোৱা উচিত ।