-->

ৰাজ্যসভাই অযোগ্য ঘোষণা কৰিলে সাংসদ আলী আনোৱাৰ আৰু শাৰদ যাদৱক

ৰাজ্যসভাই অযোগ্য ঘোষণা কৰিলে সাংসদ আলী আনোৱাৰ আৰু শাৰদ যাদৱক

জনতা দল ইউৰ সাংসদ শাৰদ যাদৱ আৰু আলী আনোৱাৰক উচ্চ সদনে অযোগ্য ঘোষণা কৰিছে। ৰাজ্যসভাৰ সাংসদ এম ভেংকায়া নাইডুৱে সোমবাৰে সন্ধিয়া দুয়োগৰাকী সাংসদক অযোগ্য ঘোষণা কৰে জে ডি ইউৰ সাংসদ চি পি সিঙৰ আবেদনৰ ভিত্তিত। যোৱা ২ ছেপ্টেম্বৰত সিঙে দলবিৰোধী কাৰ্যৰ বাবে দুয়োকে অযোগ্য ঘোষণা কৰিবলৈ আহ্বান জনাইছিল। বিহাৰৰ পৰা জে ডি ইউৰ প্ৰাৰ্থী হিচাপে উচ্চ সদনলৈ নিৰ্বাচিত শাৰদ আৰু আনোৱাৰে ইতিমধ্যে দলৰ সদস্যপদ দলবিৰোধী কামত লিপ্ত হয়। বিহাৰৰ পৰা জে ডি ইউৰ প্ৰাৰ্থী হিচাপে উচ্চ সদনলৈ নিৰ্বাচিত শাৰদ আৰু আনোৱাৰে ইতিমধ্যে দলৰ সদস্যপদ হেৰুৱাইছিল দলবিৰোধী কামত লিপ্ত হৈ। ইতিমধ্যে নিৰ্বাচন আয়োগে জনতা দল ইউৰ নীতিশ কুমাৰ গোটক প্ৰকৃত দল আখ্যা দি ধনুৰ প্ৰতীক চিহ্ন প্ৰদান কৰিছিল। এনে পৰিস্থিতিত বিদ্ৰোহী শাৰদ যাদৱ আৰু আলী আনোৱাৰে সাংসদ পদ হেৰুৱাবলগীয়া হয়।