-->

এয়াৰ ইণ্ডিয়াৰ প্ৰদৰ্শন উন্নত কৰিবলৈ প্ৰচেষ্টা চলাব ৰাজীৱ বানছালে

এয়াৰ ইণ্ডিয়াৰ প্ৰদৰ্শন উন্নত কৰিবলৈ প্ৰচেষ্টা চলাব ৰাজীৱ বানছালে

চৰকাৰে এয়াৰ ইণ্ডিয়াৰ নিৰ্বনিয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা স্বত্তেও প্ৰতিষ্ঠানটোক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত কোনোধৰণৰ চেষ্টা বাকী ৰখা নাই নৱ-নিযুক্ত মুখ্য পৰিচালন সঞ্চালক ৰাজীৱ বানছালে। বিমান প্ৰতিষ্ঠানটোৰ উৰণৰ সময় ৯০ শতাংশলৈকে সঠিক কৰাৰ লগতে তেওঁ এয়াৰ ইণ্ডিয়াৰ ৰাজহ সংগ্ৰহৰ পৰিমাণো বৃদ্ধি কৰিব বিচাৰিছে। 'নিৰ্বনিয়োজন প্ৰক্ৰিয়াক লৈ মই কিয় মূৰ ঘমাম? এগৰাকী চি এম ডি হিচাপে মোৰ প্ৰধান দায়িত্বই হ'ল আটাইবোৰ বিমান যাতে সঠিক সময়ত উৰণ-অৱতৰণ কৰে সেয়া নিশ্চিত কৰাটো। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ৰাজহৰ পৰিমাণো বৃদ্ধি পাব।' - ৰাজীৱ বানছালে কয়। উল্লেখ্য যে যোৱা আগষ্টত বানছালে এয়াৰ ইণ্ডিয়াৰ নতুন মুখ্য পৰিচালন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ পেট্ৰ'লিয়াম মন্ত্ৰালয়ত অতিৰিক্ত সচিব আৰু বিত্তীয় উপদেষ্টা হিচাপে কাম কৰিছিল।