-->

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সমৰ্থন কৰি ৰাহুল গান্ধীৰ মন্তব্য: মোডী মোতকৈ ভাল বক্তা

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সমৰ্থন কৰি ৰাহুল গান্ধীৰ মন্তব্য: মোডী মোতকৈ ভাল বক্তা

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে কালি আমেৰিকাৰ কেলিফৰ্নিয়াৰ এটা অনুষ্ঠানত এই বুলি কয় যে তেওঁ ২০১৯ চনত হ'বলগা লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বলৈ সাজু আছে। বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত আয়োজন কৰা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত ৰাহুল গান্ধীয়ে এনেদৰে কয়। উল্লেখযোগ্য যে ৰাহুলৰ কংগ্ৰেছত সভানেত্ৰী ছোনীয়া গান্ধীৰ পিছতে স্থান। সেয়েহে তেওঁ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। আনহাতে অনুষ্ঠানটোত ৰাহুলে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপিৰ প্ৰায় এহেজাৰ লোক কম্পিউটাৰৰ সন্মুখত বহি থাকে আৰু তেওঁৰ বিষয়ে অপপ্ৰচাৰ কৰি থাকে। তেওঁ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিক সমালোচনা কৰি কয় যে এতিয়া হিংসা, ক্ষোভ আৰু মেৰু বিভাজনৰ ৰাজনীতিৰে ভাৰতৰ এক বেয়া ভাৱমূৰ্তিৰ সৃষ্টি হৈছে। তেওঁৰ মতে মেৰু বিভাজনৰ ৰাজনীতি অতি বিপজ্জনক। নিৰ্ভীক সাংবাদিকক হত্যা কৰাৰ প্ৰাসংগও তেওঁ উল্লেখ কৰে। ভাৰতত পৰিয়াল-কেন্দ্ৰিক ৰাজনীতিৰ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত ৰাহুলে কয় যে ই ভাৰতৰ অধিকাংশ ৰাজনীতিক দলৰে সমস্যা। তেওঁ কয়, 'পৰিয়াল-কেন্দ্ৰিক ৰাজনীতিক লৈ কেৱল আমাৰ দলক লক্ষ্য কৰিব নালাগে। অখিলেশ সিং যাদৱ, এম কে ষ্টেলিন, মুকেশ আম্বানি, অভিষেক বচ্চন, অনুৰাগ ঠাকুৰকে আদি কৰি ইয়াৰ ভালেমান উদাহৰণ আছে। মই ইয়াত একো কৰিব নোৱাৰো।' আনহাতে প্ৰধানমন্ত্ৰী মোডী সম্পৰ্কত ৰাহুলে কয় যে মোডী তেওঁৰো প্ৰধানমন্ত্ৰী। মোডীৰ ভালেমান গুণ থকা বুলি উল্লেখ কৰি ৰাহুলে প্ৰধানমন্ত্ৰী এজন ভাল বক্তা। তেওঁ ভিৰৰ মাজত থকা তিনি-চাৰিটা গোটলৈ কেনেকৈ বাৰ্তা প্ৰেৰণ কৰিব লাগে সেই কথা জানে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীৰ মন্তব্যত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে বিদেশত নিজৰ দেশক নিন্দা কৰাটো উচিত হয় নে নহয় সেয়া ৰাহুলে নাজানে। তেওঁৰ কথা দেশত এতিয়া কোনেও নুশুনা হ'ল আৰু সেয়েহে এতিয়া বিদেশত তেওঁ কথা ক'বলৈ লৈছে।