-->

আমেথিত ৰাহুলৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ‘জনতা দৰ্শন’ত বহু লোকৰ সমাগম

আমেথিত ৰাহুলৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ‘জনতা দৰ্শন’ত বহু লোকৰ সমাগম

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ জনতা দৰ্শন কাৰ্যসূচীত কালি শতাধিক লোকে অংশগ্ৰহণ কৰে। নিজ সংসদীয় সমষ্টি আমেথি ভ্ৰমণৰ কালি দ্বিতীয়দিনা ৰাহুল গান্ধীয়ে মুন্সীগঞ্জ অতিথিশালাত জনতা দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখ্য যে প্ৰায় সাত মাহৰ পিচত ৰাহুল গান্ধীয়ে নিজ সমষ্টি ভ্ৰমণ কৰিছে। কালি বিয়লি ৰাহুল গান্ধীয়ে তিলয় চহৰত অৱস্থিত ৰাজীৱ গান্ধী কলেজত দলৰ কৰ্মীসকলৰ সৈতেও আলোচনাত বহে।