-->

ৰাহুল গান্ধীক আড্ডাপ্রিয় আখ্যা গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ

ৰাহুল গান্ধীক আড্ডাপ্রিয় আখ্যা গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী এজন আড্ডাপ্রিয় ব্যক্তি। এই মন্তব্য গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰূপানীয়ে কয় যে ৰাহুল গান্ধীয়ে পৰিসংখ্যা দাঙি নধৰাকৈ কথা কয়। প্ৰতি বছৰে ২ কোটি যুৱকক চাকৰি দিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছত সেই প্ৰতিশ্ৰুতি পাহৰি যোৱা বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া দি তেওঁ এনেদৰে কয়। গুজৰাটত এতিয়াও ৩০ লক্ষ লোক কৰ্মসংস্থানহীন হৈ থকাৰ কথা উল্লেখ কৰি কংগ্ৰেছৰ উপ-সভাপতিজনে কৈছিল যে মোডীয়ে গৃহ ৰাজ্যতে কৰ্মসংস্থানৰ সমস্যা দূৰ কৰিব পৰা নাই।