-->

আৰ আৰ এছক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তুলিলে ৰাহুল গান্ধীয়ে

আৰ আৰ এছক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তুলিলে ৰাহুল গান্ধীয়ে

আৰ আৰ এছৰ মোহন ভাগৱতৰ বিতৰ্কিত মন্তব্যৰ পাছতে ৰাজহুৱাভাৱে সংস্থাটোক ক্ষমা খুজিবলৈ দাবী জনালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। উল্লেখ্য যে মুজাফৰপুৰত অনুষ্ঠিত এক সভাত অংশ লৈ ভাষণত কৈছিল যে দেশৰ বাবে যুদ্ধ কৰিবৰ বাবে আৰ আৰ এছে তিনি দিনৰ ভিতৰতে সেনা সাজু কৰিব পাৰে। এই মন্তব্যৰ পিচতে দেশজুৰি তেওঁ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এইবাৰ উক্ত মন্তব্যৰ বাবে ভাগৱতক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে তেওঁক ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ দাবী উত্থাপন কৰে। মোহন ভাগৱতক আক্ৰমণৰ লক্ষ্য কৰি ৰাহুলে কয় যে তেওঁ যিধৰণৰ মন্তব্য কৰিলে তাৰ দ্বাৰা তেওঁ পুতৌৰ পাত্ৰ হৈ পৰিছে। একেদৰে তেওঁৰ এই মন্তব্য প্ৰতিজন ভাৰতীয়ৰ বাবে উপলুঙাসূচক। কিয়নো এনে মন্তব্যৰে দেশৰ হকে প্ৰাণ দিয়া শ্বহীদসকলক তেওঁ অপমান কৰিছে। সমান্তৰালকৈ তেওঁ দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ লগতে সেই পতাকাৰ সন্মান ৰক্ষাত আহৰ্নিশে ব্যস্ত হৈ থকা সৈনিকসকলকো অপমান কৰিলে।