-->

ৰাহুল গান্ধীয়ে টুইটাৰযোগে মানি ল’লে নিজ ভুল

ৰাহুল গান্ধীয়ে টুইটাৰযোগে মানি ল’লে নিজ ভুল

বিজেপিয়ে আঙুলিয়াই দিয়াৰ পিচত নিজৰ ভুল স্বীকাৰ কৰিলে ৰাহুল গান্ধীয়ে। স্মৰ্তব্য যে গুজৰাট বিধানসভা নিৰ্বাচন উপলক্ষে মংগলবাৰে কংগ্ৰেছ নেতাজনে ছ'ছিয়েল মিডিয়াত বিজেপি চৰকাৰৰ সমালোচনা কৰিবলৈ গৈ এখন আলোকচিত্ৰ পোষ্ট কৰাৰ উপৰি কিছুমান তথ্য উল্লেখ কৰিছিল। গেছ ছিলিণ্ডাৰৰ বিষয়ে উল্লেখ কৰি গান্ধীয়ে লিখিছিল যে ২০১৪ চনত অৰ্থাৎ মনমোহন সিং চৰকাৰৰ কাৰ্যকালত গেছ ছিলিণ্ডাৰৰ দাম ৪১৪ টকা আছিল। সম্প্ৰতি ইয়াৰ দাম ৭৪২ টকা হৈছেগৈ। অৰ্থাৎ গেছৰ দাম ৭৯ শতাংশ বৃদ্ধি পাইছে বুলি তেওঁ লিখিব লাগিছিল যদিও ভুলক্ৰমে সেই স্থানত তেওঁ ১৭৯ শতাংশ দাম বঢ়া বুলি লিখিছিল। ইয়াকে লৈ বিজেপিয়ে প্ৰতিক্ৰিয়া দিয়াৰ উপৰি ৰাহুল গান্ধীক ভুল তথ্য দিয়া বাবে সমালোচনাও কৰিছিল।