-->

গুজৰাট ভ্ৰমণত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

গুজৰাট ভ্ৰমণত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী

কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী অধিক আক্ৰমণাত্মক হৈ পৰিছে শাসকীয় দল বিজেপি আৰু নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পুত্ৰৰ সন্দেহজনক ব্যৱসায়িক উন্নতিৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটলৈ যোৱাৰ পূৰ্বে কালি টুইটাৰত অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ সন্দৰ্ভত মোডীক কটাক্ষ কৰে ৰাহুল গান্ধীয়ে। কালি বিজেপি সভাপতি অমিত শ্বাহে ৰাহুল গান্ধীৰ সমষ্টি উত্তৰ প্ৰদেশৰ আমেথিত ৰণডংকা বজোৱাৰ সমান্তৰালকৈ গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্য গুজৰাটত আক্ৰমণাত্মক হৈ পৰে। বদোদৰাত এদল শিক্ষার্থীৰে মিলিত হৈ তেওঁ কয় যে কংগ্ৰেছ গুজৰাটৰ ক্ষমতালৈ আহিলে তিনি ব্যৱসায়ীৰ বাবে নহয়, বৰং সাধাৰণ মানুহৰ বাবেহে কাম কৰিব। নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছৰ চৰকাৰ হ'লে সাধাৰণ লোকৰ সমালোচনাত গুৰুত্ব দিয়া হ'ব, কেৱল নিজৰ 'মন কী বাত' শুনাবলৈ বাধ্য নকৰে। তেওঁ কয় যে মোডীৰ কৰ্মসংস্থাপন সৃষ্টিত আগ্ৰহ নাই। গুজৰাটত কংগ্ৰেছ ক্ষমতালৈ আহিলে মহিলাক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি ৰাহুলে কয় যে মহিলাসকলৰ সমস্যা সমাধানতো অগ্ৰাধিকাৰ দিয়া হ'ব।