-->

গুজৰাটত ব্যাপক প্ৰচাৰ অভিযান ৰাহুল গান্ধীৰ

গুজৰাটত ব্যাপক প্ৰচাৰ অভিযান ৰাহুল গান্ধীৰ

গুজৰাটী আদৱ-কায়দা গ্ৰহণ কৰি কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। গুজৰাট ভ্ৰমণত ব্যস্ত গান্ধীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰচাৰ চলোৱাৰ মাজে মাজে ধাবালৈ গৈ সমৰ্থকৰ সৈতে গুজৰাটী খাদ্য গ্ৰহণ কৰা দেখা গৈছে। তদুপৰি ধাবাত বহি গুজৰাটী লোকে আড্ডা মৰাৰ নিচিনাকৈ কংগ্ৰেছৰ উপ-সভাপতিজনেও নানা লোকৰ সৈতে বিভিন্ন প্ৰসংগক লৈ আলাপ-আলোচনা কৰা দেখা গৈছে। উদাহৰণস্বৰূপে দেওবাৰে সন্ধিয়া গান্ধীয়ে ৰাজ্যখনৰ পাটনস্থিত এখন ধাবাত প্ৰৱেশ কৰি ৰুটি তৰকাৰী খায়। তাতেই তেওঁ চাহো সেৱন কৰে। গুজৰাটী লোকৰ দৰে ৰাহুলে ধাবাত থকা খাটত বহি ভালেখিনি সময় পাৰ কৰে। ইয়াৰ বাহিৰেও জনসভাত ভাষণ দিয়া সময়ত কংগ্ৰেছৰ উপ-সভাপতিজনে গুজৰাটী লোকগীতৰ ফাঁকি পৰিবেশন কৰাও দেখা গৈছে।