পিতৃ ৰাজীৱ গান্ধীৰ হত্যাকাৰীসকলক ক্ষমা কৰি দিলে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে

পিতৃ ৰাজীৱ গান্ধীৰ হত্যাকাৰীসকলক ক্ষমা কৰি দিলে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে

পিতৃ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক কেতিয়াবাই ক্ষমা কৰিলে তেওঁৰ দুই সন্তান ৰাহুল আৰু প্ৰিয়ংকা গান্ধীয়ে। ছিংগাপুৰত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ এক অনুষ্ঠানত অংশ লৈ এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে। তেওঁ কয় যে পিতৃৰ হত্যাৰ পিচতেই তেওঁলোক বহু বছৰলৈ তেওঁলোক যথেষ্ট ক্ষুব্ধ তথা হতাশ হৈ পৰিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে হিংসাৰ বিনিময়ত হিংসা। যিকোনো পৰিস্থিতিতে তেওঁ হিংসাক ঘৃণা কৰে। সেয়ে সময় যোৱাৰ লগে লগে তেওঁ তথা ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিজ পিতৃ হত্যাকাৰীক ক্ষমা কৰি দিলে। তেওঁ লগতে কয় যে তেওঁৰ বয়স যেতিয়া চৈধ্য বছৰ, তেতিয়া আইতাক ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল। তাৰ পিছতে তেওঁৰ পিতৃকো হত্যা কৰা হ'ল। সেয়ে তেওঁলোক এনেকুৱা এটা পৰিস্থিতিত ডাঙৰ হ'বলগীয়া হ'ল যে তেওঁলোকৰ সোঁৱে-বাৱেঁ সদায় থাকে পোন্ধৰজন নিৰাপত্তাৰক্ষী। এনেদৰে পুৱা, গধূলি, দুপৰীয়া নিৰাপত্তাৰক্ষীৰ মাজত থকাটো বিশেষ একো সুবিধা ভোগ কৰা নহয় বুলিহে তেওঁ লগতে মন্তব্য কৰে।