-->

কাশ্মীৰৰ কুপৱাৰাত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘা

কাশ্মীৰৰ কুপৱাৰাত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘা

উত্তৰ কাশ্মীৰৰ কুপৱাৰাত পাকিস্তানী সেনাৰ যুদ্ধবিৰতি উলংঘা কৰি তুমুল গোলাবর্ষণ কৰে। জিলাখনৰ এমৰোডিন, ছাটকাৰী, ছাবিপোৰা অঞ্চলত পাকিস্তানী সেনাই অপ্ৰৰোচিতভাৱে গুলিচালনা কৰে। কালিৰ দিনটোত পাকিস্তানী সেনাই তিনিবাৰকৈ যুদ্ধবিৰতি উলংঘা কৰি সীমান্তৰ পৰা সিপাৰলৈ গুলিচালনা কৰে। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ এল অ' চি সীমান্তৱৰ্তিত কৃষ্ণঘাটিত পাকিস্তানী সেনাই ভাৰতীয় সেনাক উদ্দেশ্যি গুলিচালনা কৰে আৰু ভাৰতীয় সেনাইও গুলীৰে প্ৰত্যুত্তৰ দিয়ে। কালি পুৱা ৰাজ্যখনৰ পুঞ্চ জিলাৰ এল অ' চি সীমান্তৱৰ্তী মানকট ছেক্টৰতো পাকিস্তানী সেনাই গুলিচালনা কৰে। অৱশ্যে আটাইকেইটা ঘটনাত কোনো লোক হতাহত হোৱাৰ বাতৰি অহা নাই।