-->

চি বি এফ চিৰ অধ্যক্ষ প্ৰসুন যোশীৰ আগমণক লৈ এলাৰ্ট জাৰি জয়পুৰত

চি বি এফ চিৰ অধ্যক্ষ প্ৰসুন যোশীৰ আগমণক লৈ এলাৰ্ট জাৰি জয়পুৰত

চি বি এফ চিৰ অধ্যক্ষ প্ৰসূন যোশীৰ উপস্থিতিক লৈ সৃষ্টি হ'ব পৰা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জয়পুৰত এলাৰ্ট জাৰি কৰা হৈছে। স্মৰ্তব্য যে পদ্মাৱত নামৰ চলচ্চিত্ৰখনৰ মুক্তিৰ বাবে চি বি এফ চিয়ে সেউজ সংকেত দিয়াৰ পিচতে ৰাজপুত সংগঠনসমূহে যোশীৰ বিপক্ষে তিব্র বিষেদাগাৰ প্ৰকাশ কৰিছে। জয়পুৰ সাহিত্য উৎসৱলৈ নিমন্ত্রিত প্ৰসিদ্ধ গীতিকাৰগৰাকীক ৰাজস্থানত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে কৰণী সেনাই হুংকাৰ দিছে। কৰণী সেনাৰ উপৰি ৰাজ্যখনৰ আৰু একাধিক সংগঠনে প্ৰসূন যোশীৰ জয়পুৰ আগমণক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্ভাৱনা আছে বুলি চোৰাংচোৱাই তথ্য লাভ কৰাৰ পিচতে এলাৰ্ট জাৰি কৰা হৈছে। স্মৰ্তব্য যে জয়পুৰ সাহিত্য উৎসৱত বিশ্বৰ বিভিন্ন স্থানত চাৰিশৰো অধিক বক্তাক নিমন্ত্ৰণ জনোৱা হৈছে।