-->

চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ১৩ অক্টোবৰত বন্ধ থাকিব পেট্ৰল পাম্প

চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ১৩ অক্টোবৰত বন্ধ থাকিব পেট্ৰল পাম্প

দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত অহা ১৩ অক্টোবৰত ৰাষ্ট্ৰব্যাপি ধর্মঘট পালন কৰিব দেশৰ ৫৪ হেজাৰ পেট্ৰল পাম্পে। যদিহে ১৩ অক্টোবৰৰ ধর্মঘটৰ পিছতো তেওঁলোকৰ দাবী চৰকাৰে মানি নলয় তেন্তে ২৭ অক্টোবৰৰ পৰা অনির্দিষ্টকালীন ৰাষ্ট্ৰীয় ধর্মঘট গ্ৰহণ কৰিব বুলি সকীয়াই দিছে পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীসকলৰ সন্থা ইউনাইটেড পেট্ৰলিয়াম ফ্ৰন্টে। ২০১৬ চনৰ ৪ নৱেম্বৰত ৰাষ্ট্ৰায়ত্ব তেল বিপনন প্ৰতিষ্ঠানৰ সৈতে পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীসকলৰ চুক্তি ৰূপায়ণৰ বাবে সন্থাই দাবী জনাই আহিছে যদিও কোম্পানীসমূহে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈয়ে ১৩ অক্টোবৰত পেট্ৰল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কোৱা হৈছে। সৰ্বভাৰতীয় পেট্ৰলিয়াম ডীলাৰ্চ এছ'চিয়েছনৰ সভাপতি অজয় বাঞ্চলে কয়, 'ৰাষ্ট্ৰায়ত্ব তৈল বিপনন প্ৰতিষ্ঠানসমূহে ডীলাৰ কমিছন আদিৰ ক্ষেত্ৰত প্ৰবঞ্চনা কৰি অহাৰ বাবেই আন্দোলনৰ পথ ল'বলৈ বাধ্য হৈছে পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীসকল।