পাৰপত্ৰ নাকচ হ’ব পাৰে ভাৰতীয়ৰ

পাৰপত্ৰ নাকচ হ’ব পাৰে ভাৰতীয়ৰ

ডিজিটেল ডেস্ক: পাৰপত্ৰ নাকছ হ’ব পাৰে প্ৰবাসী ভাৰতীয়ৰ৷ পত্নীক প্ৰবঞ্চনা কৰা প্ৰবাসী ভাৰতীয়ক এশিকনি দিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰিব চণ্ডিগৰৰ আঞ্চলিক পাৰপত্ৰ কেন্দ্ৰই৷ প্ৰত্যেক বছৰে বহু প্ৰবাসী ভাৰতীয়ই বিয়া কৰাবলৈ আহে পাঞ্জাৱ আৰু চণ্ডিগৰলৈ৷ কিন্তু বিয়াৰ পিছতে বহু স্বামীয়ে পত্নীক কৰে প্ৰবঞ্চনা৷ বহুতে যদি বিদেশত বেলেগৰ লগত সম্পৰ্ক স্থাপন কৰে আন কিছুমানে আকৌ পত্নীক লৈ নাযায় লগত৷ এনে বহুতে পত্নীক ভাৰতত থৈ বছৰৰ পিছত বছৰ উভতি নাহে দেশলৈ৷ ৰাজ্যদুখনৰ প্ৰায় ৪০হাজাৰ মহিলা একমাহৰ ভিতৰতে প্ৰতাৰিত হয় স্বামীৰ পৰা৷ এনে পুৰুষক শিক্ষা দিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে কাৰ্য্যালয়টোৱে৷