কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ গুলিবর্ষণ পাক সেনাৰ :৪ সেনা জোৱান নিহত

কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত পুনৰ গুলিবর্ষণ পাক সেনাৰ :৪ সেনা জোৱান নিহত

পুনৰ কাশ্মীৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত উত্তপ্ত হৈ পৰিছে। দেওবাৰৰ পৰা সীমান্তত দুয়োপক্ষৰ মাজত তীব্ৰ গোলাবর্ষণ আৰম্ভ হৈছে। ভাৰতীয় সেনাই প্ৰকাশ কৰা অনুসৰি কাশ্মীৰৰ পীৰ পাঞ্চাল উপত্যকা আৰু পুঞ্চত হোৱা এনে গোলাবর্ষণত চাৰিজন ভাৰতীয় সেনা নিহত হৈছে। ইয়াৰ লগতে উক্ত অঞ্চলটোত পাকিস্তানী সেনাৰ গোলাবর্ষণত দুজন সাধাৰণ নাগৰিক আহত হৈছে। নিহত সেনাৰ মাজত আছে এজন বিষয়াও। উল্লেখ্য যে দেওবাৰৰ পুৱাৰ পৰাই এই দুই অঞ্চলত ভয়ানক গোলাবর্ষণ আৰম্ভ কৰে পাকিস্তানী সেনাই। আনকি দেওবাৰৰ বিয়লি বেলালৈ অঞ্চলটোত শক্তিশালী বিস্ফোৰকো নিক্ষেপ কৰিছিল পাকিস্তানী সেনাই। ভাৰতীয় সেনাই সমুচিত প্ৰত্যুত্তৰ আগবঢ়ায় যদিও পাকিস্তানী সেনাই নিজৰ গোলাবর্ষণ নিশা পৰ্যন্ত অব্যাহত ৰাখে। ফলত বিষয়াসহ সেনা জোৱানকেইজন নিহত হোৱাৰ লগতে দুজন সাধাৰণ নাগৰিক আহত হৈছে।