-->

অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত সেনা-এন এছ চি এন-কেৰ সংঘৰ্ষত নিহত এজন

অৰুণাচলৰ ভাৰত-ম্যানমাৰ সীমান্তত সেনা-এন এছ চি এন-কেৰ সংঘৰ্ষত নিহত এজন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ম্যানমাৰ ভ্ৰমণৰ এদিনৰ আগতে কালি পুৱা অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তৰ লংডিং জিলাত এটা সংঘৰ্ষত সেনা বাহিনীয়ে নিষিদ্ধ সংগঠন এন এছ চি এন-কেৰ বিদ্রোহীবিলাকৰ উপস্থিতিৰ বিষয়ে পোৱা নিৰ্দিষ্ট খবৰৰ ভিত্তিত সেনা বাহিনীয়ে অভিযান চলাইছিল। বিদ্রোহীবিলাকে সেনাবাহিনীৰ লোকসকললৈ প্ৰচণ্ড গুলিবর্ষণ কৰে আৰু সেনা বাহিনীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়াত এটা উগ্ৰপন্থী নিহত হয় আৰু আন এটা আহত হয় যদিও আন উগ্ৰপন্থীবিলাকৰ সৈতে ওচৰৰ হাবিলৈ পলাই সাৰে। সেনাবাহিনীয়ে এন এছ চি এন কেৰ এটা ঘাটি ধ্বংস কৰে। নিহত উগ্ৰপন্থীটোৰ পৰা এটা এ কে-৪৭ ৰাইফল আৰু গুলি উদ্ধাৰ কৰা হয়। তদুপৰি সংঘৰ্ষৰ পিছত ঘাটিটোৰ পৰা এটা ৰেডিঅ', এটা গ্ৰেণেড আৰু ভালেমান সজীৱ গুলীও উদ্ধাৰ কৰা হয়। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল চিৰঞ্জীত কোঁৱৰে এই কথা জনায়।