-->

আৰ এছ এছৰ পৰা শিক্ষাৰ প্ৰয়োজন নাই: কেৰেলাৰ মুখ্যমন্ত্ৰী বিজয়ন

আৰ এছ এছৰ পৰা শিক্ষাৰ প্ৰয়োজন নাই: কেৰেলাৰ মুখ্যমন্ত্ৰী বিজয়ন

আৰ এছ এছৰ পৰা শিক্ষা নালাগে বুলি স্পষ্ট কৰি দিলে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে। দুদিন পূৰ্বে আৰ আৰ এছৰ মুৰব্বী মোহন ভাগৱতে কেৰেলা চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্রোহীক সহায় কৰাৰ অভিযোগ তোলাৰ পিচত বিজয়নে কালি এটা ফে'চবুক প'ষ্টৰ জৰিয়তে কয় যে এয়া আৰ এছ এছৰ বিভাজনকামী ষড়যন্ত্ৰৰ অংগ। কিন্তু কোনো সাম্প্ৰদায়িকতাবাদী অথবা ৰাষ্ট্ৰদোহী সংগঠনে কেৰেলাবাসীক প্ৰৰোচিত কৰিব নোৱাৰে বুলি তেওঁ কয়। স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বশ্যতা স্বীকাৰ কৰা এটা সংগঠনৰ মুৰব্বীৰ পৰা কেৰেলাক শিক্ষা নালাগে বুলি প্ৰকাশ কৰি বিজয়নে কয় যে আৰ এছ এছৰ ইতিহাসেই সূচায় যে তেওঁলোকৰ কাম-কাজ ভাৰতীয় সংবিধানৰ পৰিপন্থী। আৰ এছ এছে বহু ৰাজ্যত ধৰ্মীয় সন্ত্ৰাসবাদ বিয়পাই স্থিতি মজবুত কৰিলেও কেৰেলাত নোৱাৰিব বুলি কয়।