-->

নিয়োগ সম্পৰ্কত নিটি আয়োগৰ মন্তব্য: চাকৰিৰ সংকটৰ বিষয়টো অতিৰঞ্জিত কৰা হৈছে

নিয়োগ সম্পৰ্কত নিটি আয়োগৰ মন্তব্য: চাকৰিৰ সংকটৰ বিষয়টো অতিৰঞ্জিত কৰা হৈছে

দেশত চাকৰি সংকটৰ বিষয়টো অতিৰঞ্জিত কৰা হৈছে বুলি দাবী কৰিছে নিটি আয়োগে। নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে প্ৰকাশ কৰামতে মোডী চৰকাৰে জি এছ টি, বেনামী আইন, বেংকৰাপছি ক'ড আদিকে ধৰি যিবোৰ সংস্কাৰমুখী পদক্ষেপ গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ অহা ১৮ মাহৰ ভিতৰত পৰিলক্ষিত হ'ব। চৰকাৰে বিশেষকৈ স্বাস্থ্য আৰু শিক্ষা খণ্ডত গুৰুত্ব আৰোপ কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে চাকৰি সৃষ্টি কৰিব নোৱাৰা বাবে চৰকাৰক বিভিন্ন পক্ষই সমালোচনা কৰা বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰি কুমাৰে কয় যে দেশৰ বিভিন্ন ক্ষেত্ৰত যথেষ্টসংখ্যক নতুন চাকৰিৰ সৃষ্টি হৈছে, কিন্তু তেনে ক্ষেত্ৰসমূহ সংগঠিত অথবা আনুষ্ঠানিক ক্ষেত্ৰত নোহোৱা বাবেই এই বিচয়টোৱে যোগাত্মক প্ৰচাৰ লাভ কৰা নাই।