-->

নির্মলা সীতাৰমণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ

নির্মলা সীতাৰমণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ

সামৰিক বাহিনীৰ প্ৰস্তুতি, প্ৰতিৰক্ষাৰ স্বদেশীকৰণ, সন্যবাহিনীৰ কল্যাণ আৰু দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা বিষয়সমূহৰ সমাধানেই হ'ব দেশৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী নির্মলা সীতাৰমণৰ অগ্ৰাধিকাৰ ক্ষেত্ৰ। ৫৮ বছৰীয়া দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কালি দায়িত্ব গ্ৰহণ কৰি সীতাৰমণে এইদৰে কয়। বিদায়ী প্ৰতিৰক্ষা মন্ত্ৰী অৰুণ জেটলিৰ উপস্থিতিত কালি সীতাৰমণে নিজ দায়িত্ব গ্ৰহণ কৰে। সীতাৰমণে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁৰ কক্ষত পুৰোহিতে পূজা-অৰ্চনা কৰে।