বলিউডৰ অভিনেতা-অভিনেত্ৰী তথা কলা কুশলীক লগ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে

বলিউডৰ অভিনেতা-অভিনেত্ৰী তথা কলা কুশলীক লগ কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে

সম্প্ৰতি এক চমু ভ্ৰমনসূচী লৈ ভাৰতত উপস্থিত হোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে বলিউডৰ সৈতে সু-সম্পৰ্ক গঢ়িবলৈ আগ্ৰহী হৈ পৰিছে। ভাৰত ভ্ৰমনৰত সপত্নীক প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমনকালতে বলিউডৰ কেইবাজনো আগশাৰীৰ তাৰকা তথা প্ৰযোজক-পৰিচালকক সাক্ষাৎ কৰিব। এই কথা প্ৰকাশ কৰিছে সংবাদ মাধ্যমে। এই উদ্দেশ্যে এক প্ৰীতি ভোজৰ আয়োজন কৰিছে ইজৰাইলে। এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বলিউডৰ একাংশ আগশাৰীৰ প্ৰযোজক-পৰিচালকৰ লগতে বলিউড তাৰকাকো। অৱশ্যে কোন কোন অভিনেতা-অভিনেত্ৰী উপস্থিত থাকিব, সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বলিউড তাৰকা অমিতাভ বচ্চন যে উপস্থিত থাকিব, সেয়া নিশ্চিত বুলি প্ৰকাশ পাইছে। উল্লেখ্য যে শেহতীয়াকৈ ইজৰাইলতো ভাৰতীয় চলচ্চিত্ৰৰ চাহিদা বৃদ্ধি পাইছে। জানিব পৰা মতে ইজৰাইলত বলিউডৰ ছবি শ্বুটিঙৰ বাবে সকলোকে আহ্বান জনাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।