-->

নৌ সেনাবাহিনীৰ মুৰব্বীৰ চৰকাৰলৈ আহ্বান: সৈনিকৰ সন্তানৰ শিক্ষাৰ ধন হ্ৰাস নকৰিব

নৌ সেনাবাহিনীৰ মুৰব্বীৰ চৰকাৰলৈ আহ্বান: সৈনিকৰ সন্তানৰ শিক্ষাৰ ধন হ্ৰাস নকৰিব

দেশৰ হকে প্ৰাণ ত্যাগ কৰা জোৱানৰ সন্তানে লাভ কৰা শিক্ষা শিতানৰ ধন হ্ৰাস কৰিব নালাগে। নৌ-সেনাৰ মুৰব্বী সুনীল লাম্বাই প্ৰতিৰক্ষা মন্ত্ৰী নির্মলা সীতাৰমনলৈ লিখা পত্ৰখনত এইদৰে আহ্বান জনাইছে। স্মৰ্তব্য যে পূৰ্বতে প্ৰাণ ত্যাগ কৰা, সন্ধানহীন হোৱা বা দিব্যাংগ সৈনিকৰ সন্তানে টিউচন মাচুল, ছাত্ৰাবাসৰ মাচুল, কিতাপৰ বাবে হোৱা খৰছ বিদ্যালয় আৰু ঘৰৰ কাপোৰৰ সমস্ত খৰছ চৰকাৰে বহন কৰিব। পিছে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে এই ধনৰ পৰিমাণ ১০ হেজাৰ টকালৈ সীমিত কৰিছে। অনুমান কৰা হৈছে যে চৰকাৰে এনে সিদ্ধান্তৰ ফলত সশস্ত্ৰ বলৰ জোৱানৰ প্ৰায় ৩,৪০০ শিশু প্ৰভাৱিত হৈছে। স্মৰ্তব্য যে ১৯৭১ চনৰ যুদ্ধত জয়লাভৰ পাছত ভাৰত চৰকাৰে উক্ত আঁচনি প্ৰৱৰ্তন কৰিছিল।